ভৈৰৱচন্দ্ৰ খাটনিয়াৰ || ১৮৮৯-১৯৩১

মানিমুনি শাক
মানিমুনি শাক, মানিমুনি শাক,
তই তাতেই জিয়াই থাক;
বেলিৰপৰা পাবি পোহৰ,
পানী দি তোক যাবহি ডাৱৰ,
বতাহৰ ঠেৱে নচাবি গাক;
মানিমুনি শাক, মানি মুনি শাক,
তই তাতে থুপি থাক |
ধৰণী আইৰ সৰস বুকুৰ
খোচনি পাতি থাক;
বিশ্বৰ সকলো শুনিবি খবৰ,
শুনিবি পিতাৰ ডাক |
কেৱল নীৰৱ নিস্তব্ধ সন্তোষ
মনত লুকাই ৰাখ;
মানিমুনি শাক, তই ইয়াতেই ফুলি থাক
পাব পাৰ তই গছকত পৰি
মাটিৰ সমান থাক;
তথাপি পিতাৰ নিভৃত মৰম
প্ৰাণত লুকাই ৰাখ |
মানিমুনি শাক, সুখেৰে জীয়াই থাক |
বিশ্ব-হৃদয়ে গমিছে তোৰো হৃদয়-বিপাক;
জগত-ভৰা আয়োজনত আছে তোৰো ভাগ,
মানিমুনি শাক, সুখেৰে জীয়াই থাক |

Leave a Reply