সূৰ্য্যকুমাৰ ভূঞা || ১৮৯৪-১৯৬৪

লক্ষ মুদ্ৰা
লক্ষ মুদ্ৰা দিম বুলি দিছা প্ৰতিশ্ৰুতি
ছন্দেৰে বন্দিব লাগে তোমাৰ বিভূতি,
তোমাৰ গৌৰৱ যাতে বৰ্ত্তে চিৰদিন,
প্ৰতি ঘৰে বাজে যেন য্যশস্যাৰ বীণ |
শত শত জয়স্তম্ভ উচ্চ মীনাৰট
পোত যাব কালক্ৰমে ভূমিৰ গৰ্ভত,
তোমাৰ কীৰিতি-ধ্বজা উৰিব চৌদিশে
প্ৰজাই তোমাৰ স্তুতি গাব অহৰ্নিশে,
কাব্যৰ অমৃত-বাণী চিৰসমুজ্জলা,
সত্য-পাৰিজাতে গঁথা বৈজয়ন্তী-মালা |
সেই দেখি কবিতাক কৰিছা কামনা,
এক লক্ষ চিকা ৰূপ দিবা অৰিহণা ||

প্ৰাণত ওপজা নাই ভাব-উন্মাদনা,
কিমতে কৰিম কাব্য-দেৱীক অৰ্চ্চনা ?
তোমাৰ সি গুণৰাশি নিত্য-নৈমিত্তিক,
নাই তাত প্ৰীতিময় হূদয়-প্ৰতীক,
নাই তাত দেশ-ভক্তি, নাই জাতি-স্নেহ,
চেতনা-বিহীন যেন মনুষ্যৰ দেহ |
আছে তাত ধন-লিপ্সা ক্ষমতা-হুতাহ,
জড়বাদী জগতৰ প্ৰচণ্ড বতাহ,
পদ্মপত্ৰ-নীৰ-সম সংক্ষিপ্ত জীৱন
পাপ-পুণ্য কৰ্ম্মফল সৱে বিস্মৰণ |
চিৰসমাদৃত নীতি আৰ্হি সুমঙ্গল
দিনত নালাগে নিশা স্বপ্নতো বিৰল ||
কিন্তু আছে বহু গুণী সাধু-সন্তজন,
গৃহস্থী বৈৰাগী আদি নানা ভেশছন,
বিনয় কৰুণা ক্ষমা পিন্ধি ৰত্নহাৰ
নিৰ্ম্মূল কৰিছে নিজ গৰ্ব্ব-অহঙ্কাৰ,
নিতউ দেখিছে স্বপ্ন মানৱ-কল্যাণ,
অনৈক্যৰ অৰণ্যতো সত্যৰ সন্ধান,
ব্ৰহ্ম-সম জীৱ কোনো নহয় পতিত,
সৰু বৰ ভেদাভেদ মনুষ্য-সৃজিত,
জীৰ্ণ বস্ত্ৰ পঁজাঘৰ এসন্ধ্যা ভোজন,
হিয়া কিন্তু হিমালয় শৃঙ্গ বিতোপন |
এনে গুণ চিত্তবৃত্তি নাহিকে তোমাৰ,
নোৱাৰোঁ কণ্ঠত দিব কবিতাৰ হাৰ ||