– চন্দ্ৰকুমাৰ আগৰৱালা

আহিছে মানুহ     গইছে মানুহ
     মানুহ মায়াপী জীৱ;
মানুহ সোঁতৰ     অন্ত নাইকীয়া
     বুলিলে মৰত কিয়?

মানৱী জনম     দিয়া উটুৱাই
     মানৱী কৰম সোঁতে;
মানুহৰ মৰম     বুজিবা মানুহে
     ধৰম যে মৰমতে |

মানুহেই লগ     মানুহেই সঙ্গ
     মানুহেই পৰাৎপৰ;
এই যে পৃথিৱী     স্বগৰ্তো অধিক
     মানুহৰ নিজাপী ঘৰ|

মানুহেই দেৱ     মানুহেই সেৱ
     মানুহ বিনে নাই কেৱ;
কঁৰা কঁৰা পূজা     পাদ্য-অৰ্ঘ্য লৈ
     জয় জয় মানৱ-দেৱ|

Leave a Reply