দেৱচন্দ্ৰ তালুকদাৰ || ১৯০০-১৯৬৭

প্ৰেমপটৰপৰা
ৰূপহী নইত মলোৱে পলৰে
কাৱৈ চেনিপুঠি মাৰে,
নাৱৰ টিঙত জুনুৱে আছাৰে
মুগাৰ ৰিহা আঁৰে আঁৰে |
ৰিহা-আঁচলত আছে অঁকা-বঁকা
নানা তৰহৰ ফুল,
কোন গাভৰুৱে গুঁঠিছিল এনে
আকাশী তৰাৰ থূল |
অঁকাই-পকাই অকণি নইটি
লুকাভাকু খেলি খেলি
হাবি-বননিৰ আঁৰত লুকাই
ক’লৈবা গৈছে লৰি!
দীঘল-নেছীয়া সূতা কাটি কাটি
বইছে শুৱনী নই,
ফেনে-ফোটোকাৰে ঊতলি উঠিছে
দুগুণ উছাহে গই |
পৰ্ব্বতীয়া শিল দাঁতি-কাষে পাই
হুৰ হুৰ শব্দ কই
গাছৰ ছায়াতে জুৰণি লইছে
খন্তেক থমকি ৰই |
আৰু উছাহতে উলহ-মালহ
ৰঙতে ব্যাকুল অতি,
খিল খিল হাঁহি গাভৰু-লেখীয়া
ধৰিছে চঞ্চল গতি;
দাঁতি-কাষৰতে মলোৱে জনুৱে
কৰিছে নিজৰ কাম;
ইৰিণা-বিৰিণা মাজতে থাকিয়ে
ঢাকিছে দুইৰো প্ৰাণ |
মলোৰ মূৰতে তামোল-গামোছা
ওঁঠতে ৰাঙলী পিক্,
হাচটি কাছুটি লইছে কোঁচাই
শৰীৰত নাই ঠিক |
কঁকালত অটি বান্ধিছে মলোৱে
মাছ ভৰাবলৈ কোক,
মাছকে মাৰিছে কোক ভৰি ভৰি
পাহৰি পিয়াহ ভোক |
মাছ মাৰি মাৰি মলোৰ শৰীৰত
নাই উৱাদিহ আৰু,
জোলোকা-জোলোক ঘাম ওলাইছে
ঘামতে তিতিছে পল |
মাছকে মাৰোঁতে মাছকে মাৰোঁতে
বেলি ঠিক হ’ল পোন,
মলো গই গই জুনুৰ আগত
ওলাল পূৰ্ণিমাৰ জোন |
জুনুৰ কাপোৰ হাততেই ৰ’ল
হ’ল চাৰি চকু মিল,
মলোৰ গামোছা মাটিত পৰিল
মূৰত পৰিল শিল |
ওপৰে উৰিল চকোৱা চাকৈ
তলত জিলীয়ে গায়;
মলোৰ জুনুৰ দুইৰো প্ৰাণৰ
টানাটানি কোনে চায়?
নজনা নুশুনা নেদেখা ডোলেৰে
টানিছে গাভৰু ডেকা,
আঁজোৰা-আঁজুৰি হইছে কতনো
উঠিছে জোৱাৰ-ভাটা |
প্ৰেমৰ মধুৰ অনাসূতা-টান
হঠাতেই গ’ল জহি,
জুনু গাভৰুৱে মূছকছ গই
পানীত পৰিল খহি |

Leave a Reply