দুৰ্গেশ্বৰ শৰ্ম্মা
        
        বিশ্ব-ভাবনা

আমি নাচিব লাগিছো গোটেই জীৱন,
        কাৰ সুৰত নেজানো ;
আমি গাবই লাগিছো গোটেই জীৱন,
        কাৰ গান নেজানো ৷
আমি মাটিৰ পুতলা নাচিব লাগিছো,
        কোনে নচায় নেদেখোঁ ;
আমি কাৰবাৰ বাঁহী বাজিব লাগিছো,
        কোনে বজায় নেদেখোঁ ৷
আমি কাৰবাৰ গুণ গাবই লাগিছো,
        নিজকে নিজে পাহৰি;
আমি কাৰবাৰ কাম কৰিব লাগিছো
        অলপো নাই আহৰি ৷
আমি ভাও লই লই বিশ্ব-ভাৱনা
        সদায পাতিব লাগিছো ;
আমি ঠিক ভাৱৰীয়া হাঁহি কান্দি নাচি
        নিজ ভাও দিব জানিছো ৷

Leave a Reply