– লক্ষ্মীনাথ বেজবৰুৱা

নিকুঞ্জ লতা     সপোন মগন
বাঁহীৰ অমিয়া পি,
বসন্তই বঢ়ালে     সপোনৰ ৰাগী
মূৰত হাত বুলাই দি |
মলয়া বতাহে     লতাটি জগালে
মেলিলে ফুলৰে চকু,
জোনাকে ঢালিলে   সুধাৰ নিজৰা
উপচি পৰিল বুকু |

One thought on “নিকুঞ্জ লতা সপোন মগন”

  1. নিকুন্জ লতা > নিকুঞ্জ লতা
    বানানটো শুদ্ধৰাই দিয়া হ’ল৷

Leave a Reply