নীলমণি ফুকন|| ১৯৩৩-
                ওলমি তকা গোলাপীজামুৰ লগ্

কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ
হাতৰ এটা মুদ্ৰা

হে হৃদয়ৰ ভগা ডালত ওলমি থকা
গোলাপী জামুৰ লগ্ন!

জুই জলি থকা নগৰৰ ওপৰত উৰি ফুৰা
এটা সামুদ্ৰিক চৰাই
ক্ৰমশঃ মৰি অহা এটা আঙুলি
বৰফ হৈ অহা এটা জুৰি

অন্তৰৰো অন্তৰ খহাই বৈ যোৱা তপত লাভাৰ
আন্ধাৰৰ পাগলাদিয়া

ডিঙিলৈকে সাগৰত ডুব গৈ থকা
দীঘ্ল এটা গান

হে হৃদয়ৰ ভগা ডালত ওলমি থকা
গোলাপী জামুৰ লগ্ন!

বতাহৰ শূষ্যতাৰ গভীৰত
নিশাৰ উন্মুক্ত বাঁহী

কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ
হাতৰ হে প্ৰাচীন-শীতলতা!

Leave a Reply