– পাবৰ্তী প্ৰসাদ বৰুৱা

জোনাক, জোনাক, শীতল জোনাক
     চাই মোৰ চকুলো সৰে ;
অন্তৰ মোৰ উগুল থুগুল,
     উদাস আকুল কৰে |
          মনত পৰেহি কোনোবা পুৰণি
              জোনাকী বিৰহ বেথা ;
          মাধৈ – মালতী ফুলৰ আঁৰত
              গোপন মিলন – কথা|
মনৰ মাজত সুখ – সোঁৱৰণী
     অতীত মধুৰ জাগে ;
বাহিৰত শুদা ৰূপালী জোনাক
     উৰুঙা উৰুঙা লাগে |

Leave a Reply