অতীতক যোৱাঁহে পাহৰি – যতীন্দ্ৰনাথ দুৱৰা

যতীন্দ্ৰনাথ দুৱৰা ৷৷ ১৮৯২-১৯৬৪
                
অতীতক যোৱাঁহে পাহৰি

নাৱৰীয়া, মেলি দিয়াঁ নাওখনি মোৰ
        মিছাকৈয়ে আছা বাট চাই,
কোন আছে কেনি মোৰ আহি কাষলই
        চেনেহেৰে দিবহি বিদায় ৷
দুদিনীয়া সংসাৰৰ আলহী-ঘৰত
        দুদিনৰ মাথোঁ লীলা-খেলা;
দুদিনৰ জনা-শুনা মৰম-চেনেহ
        শেষ হয় দুদিনৰ মেলা ৷
দুধাৰি চকুলো লই যায় আগুৱাই
        আধা কৰা কাম এৰি থই,
জগতৰ এচুকেদি কেনিবা অকলে
        কালৰ কোলাতে মিলে গই;
জুৰণি জুৰণি বুলি বিয়াকুল হই
        ফুৰে মাথোঁ হাবাথুৰি খাই,
শেষ হয় তিলেকত অথিৰ জীৱন
        জগতত জুৰণি নেপাই ৷
ইফালে সিফালে চায় কাতৰ ভাবেৰে
        হেঁপাহেৰে চেনেহ বিচাৰি,
সুখৰ সোঁতত ভাহে দুখৰ নাৱত
        ছঁয়াময়া চেনেহ-ভিখাৰী ৷
মধুৰ বাঁহীৰ তান আহে বতাহত
        দূৰতেই শুনা পাতি কাণ,
দূৰতে সৌন্দৰ্য্য তাৰ দূৰতে মাধুৰী
        ওচৰত প্ৰাণ-শুন্য তান ৷
ক’ৰনো পখীটি আহি গছৰ ডালত
        কই গ’ল মৰমৰ কথা,
নীৰৱ গছৰ ডাল নীৰৱে থাকিল
        নুবুজিলে হৃদয়ৰ বেথা ৷
গঢ়িছিলা ৰঙমনে শিলৰ প্ৰতিমা,
        পূজিছিলা ধূপ-ধূনা লই,
ৰাখিছিলা মন্দিৰৰ গুপুত কোণত
        মানুহৰ চকু-আঁৰকই!
ঢালি দিয়া অন্তৰৰ ভকতিৰ ধাৰা
        আৱেগত গালা কত গান,
কতবাৰ হেঁপাহেৰে সাবটি ধৰিলা
        প্ৰতিমাৰ পালা জানো প্ৰাণ ?
সুঁৱৰি সুঁৱৰি কিয় অতীতৰ স্মৃতি
        মিছাতেই নিজে দুখ পোৱা ?
মু’খনি মোলান কিয়, মিছাতে চকুলো,
        অতীতক পাহৰি পেলোৱাঁ ৷
ছিঙি দিয়াঁ চেনেহৰ মায়া-জৰীগছ
        নুশুনিবা সপোনৰ বাণী,
হৃদয়ৰ হুমুনিয়া শূন্যে মাৰ যক
        চিতা-জুই নুমক আপুনি ৷
সময়ৰ প্ৰতিশোধ, কোনে বাধা দিব
        জগতত অকলশৰীয়া,
যাওক উটি যেনি-তেনি সোঁতৰ লগত
        মেলি দিয়াঁ নাও নাৱৰীয়া ৷

Leave a Reply