– অম্বিকাগিৰি ৰায়চৌধুৰী

তোমাৰ পুলক পৰশ – লাগি
       ফুলিল যি মোৰ ফুল হে প্ৰিয় !
              ফুলিল যি মোৰ ফুল,
তাৰ গোন্ধত জীৱন – মৰণ
       বিভোৰ বিয়াকুল হে প্ৰিয় !
              বিভোৰ বিয়াকুল!

মোৰ দিন – খেনবোৰ মন্থন কৰি
       কি লৱণু দিলা মোক হে প্ৰিয় !
              কি লৱণু দিলা মোক ?
তাৰ বাবে আজি হাবাথুৰি খাই
       ক্ষিপ্ত লোক আলোক হে প্ৰিয় !
              ক্ষিপ্ত লোক আলোক |