Xophura সঁফুৰা » Ananda Chandra Agarwala

জীৱন সঙ্গীত
- আনন্দ চন্দ্ৰ আগৰৱালা

শোকৰ কবিতা ৰচি          দুধাৰি চকুলু মচি

নকবাঁ জীৱন মিছা, নিশাৰ সপোন|

অসাৰ সংসাৰ ভাই          ইয়াত সকাম নাই

মোহময় মায়াময় সকলো মাথোন ||

পুত্ৰ কন্যা পৰিবাৰ          কোন তৱ তুমি কাৰ

বুলি হেৰা অকাৰ্য্যত নকৰাঁ বেজাৰ |

কলা ঘুমটীয়া হই          	আতমা যে আছে ৰই

জানিবা মৰণ নাই এই আতমাৰ ||

অস্থায়ী মানৱ দেহা          কৰিম দুদিন বেহা

ফুৰিম দুদিন মাথো সংসাৰ হাটত |

দুদিনৰ অন্ত হলে          	আয়ুষ ঢুকাই গলে

সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত ||

চকু কান নাক যাব          হাড় ছাল সাং হব

মাটিৰ মানুহ তুমি মাটিত মিলিবাঁ

অবিনাশী নিত্যধন          অমৰণ অভগন

অনন্ত উন্নতিশীল আতমা জানিবা ||

সদায় চকুলো টোকা           দুখত মগন থকা

ভোগ সুখ জীৱনৰ উদ্দেশ্য নহয় |

এনেভাবে কাম কৰা          দিনে যেনে আগবঢ়া

প্ৰতিদিনে খোজ যেন আগলৈহে যায় ||

পল পল দন্ড কৰি          	সময় গৈছে উৰি

পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম|

বহু দূৰ আছে গতি          সময় তাকৰ অতি

কৰিব লগিয়া আমি আছে বহু কাম ||

দিন যায় আহে ৰাতি          আয়ুষ গৈছে টুটি

লাহে লাহে চমু চাপি আহিছে মৰণ |

সংসাৰ যুজৰ ঠাই          	শুবৰ সকাম নাই

কাচি-পাৰি যুজা সৱে কৰি প্ৰাণ পণ ||

এলাহ নিহালী থোঁৱা          বীৰবেশ গাত লোঁৱা

নহঁবা মৰাৰ প্ৰায় মানুহ-সন্তান |

নহঁবা গৰুৰ দৰে          	খুচিলেহে খোজ ধৰে

ৰণত বীৰেন্দ্ৰ বুলি হোঁৱা খ্যাতিমান ||

কল্পনা চকুৰে চোঁৱা          যেনেকি সুন্দৰ পোঁৱা

নকৰিবা দূৰ ভবিষ্যক পতিয়ন |

অতীত মৰি গল          	তাৰ কথা অন্ত হ’ল

মনৰ পৰাই তাক কৰা বিসজ্জৰ্ন ||

যিহকে আগত পোঁৱা          ততালিকে কৰি যোৱা

জীৱন্ত জাগ্ৰত বত্তৰ্মান সময়ত |

সাহক সাৰথি কৰা          কত্তৰ্ব্যৰ আগে লঁৰা

ঈশ্বৰ কৰুণাময় আছে ওপৰত ||

মহা মহা পুৰুষৰ          	চানেকিৰে জীৱনৰ

আমিও কৰিব পাৰোঁ জীৱন গঢ়িত |

অভিনয় শেষ হলে          	জীৱনৰ অন্তকালে

থই যাব পাৰোঁ খোজ সময় বালিত ||

কেতিয়াবা হব পাৰে           কোনো দুভৰ্গীয়া নৰে

জীৱন সমুদ্ৰ মাজে নাও বুৰ গই |

অঠাই পানীত পৰি          কক্ বক্ কৰি কৰি

ঢউৰ কোবত যদি আহি পাৰ পায় ||

দেখি সেই খোজবোৰ          হব তাৰ আশা ঘোৰ

সাহ কৰি খোজে খোজে খোজ লব পাৰে|

তেনে হলে বলা ভাই          শুবৰ সকাম নাই

অপূৰ্ব জেউতি চোঁৱা ‘উন্নতি’ৰ শিৰে ||

শিকা সৱে পৰিশ্ৰম,          শিকাঁহে নীতি-ধৰম,

নেভাবিবা সুখ-দুখ কিনো কপালত |

কত্তৰ্ব্যৰ পাচে লঁৰা          ক্ৰমাগত কাম কঁৰা

ফলা ফল ফল দাতা বিভূৰ হাতত ||