Xophura সঁফুৰা » Atulchandra Hazarika

বালিচৰ – অতুলচন্দ্ৰ হাজৰিকা
﻿অতুলচন্দ্ৰ হাজৰিকা || ১৯০৬-

বালিচৰ

ৰূপোৱালী বালিচৰ		সুবিশাল মনোহৰ

লুইতৰ বিশাল বুকুত-

জিলমিল ৰূপৰেখা		দিলে কোন চিত্ৰলেখা

ৰ’দালিৰ ৰিহা-আঁচলত!

আদি নাই, অন্ত নাই	বালি মাথোঁ দেখা যায়,

চাহাৰাৰ ক্ষুদ্ৰ তাঙৰণ;

লোকালয় বহু দূৰ,		নিজানৰ ৰম্যপুৰ

প্ৰকৃতিৰ অনন্ত ভৱন |

কুল কুল জুৰ জুৰ		খৰালিৰ খীণ সুৰ

বীণ বাজে জল-কুঁৱৰীৰ;

গীত শুনি ভোল গই	লুইতে জিৰণি লয়,

ভাগৰুৱা অৱশ শৰীৰ |

সোঁতে সোঁতে নাচি ফুৰা	উঠি আহি কাছ দুৰা

লেখি লেখি কণী পাৰি যায়;

নাম গাই নাৱৰীয়া	উলাহত মতলীয়া

নাও বান্ধে বালিচৰ পাই |

বালিতেই খুটি মাৰি	ভাত খাই ৰান্ধি-বাঢ়ি

বালিটেই ৰাতিটো কটায়,

বজাই ৰঙৰ শিঙা		পুৱাতে মেলিব ডিঙা

লঙ্কাৰ বণিজ ক’ত পায়!

চামে চামে বালি ভৰা	ঠায়ে ঠায়ে ওখ গৰা,

জাও গছ বিৰিণাৰ ডৰা,

নল খাগৰিৰ দেশ,		তাৰো যেন নাই শেষ

পালে পালে বাঘ পহু চৰা |

জাউৰিয়া মাছবোৰে	নাদুৰি-সাঁতুৰি ফুৰে

উলাহতে পানী-যুঁৱলিত,

নাৰ বাত দৰিকণা	পাভ মোৱা চেলেকণা

সকলোৱে মহা হৰষিত |

বগা কৰি বগলীয়ে	উৰি উৰি পৰ দিয়ে

জপ কৰে একাঁঠু পানীত,

গঙা-চিলনীৰ জাক	ঘূৰি ঘূৰি দিয়ে পাক

কুৰুৱাই মাতে দূৰণিত |

শাৰী শাৰী ওখ গিৰি	নিলগত শোভা কৰি

আকাশৰ লগত মিলিছে,

নিজামৰ বালিচৰে		বৰুণেৰে তপনেৰে

কত খেল নীৰলে খেলিছে!

কোঁৱৰ লুইতে গই		জলকুঁৱৰীৰে ৰই

পাতালৰ অন্তেষপূৰত

শামুক শঙ্খেৰে গঢ়া	শেতেলিত মনোহৰা

মতলীয়া সুখ-সম্ভোগত |

মহাবাহু লুইতৰ		শেষ হ’লে বিশ্ৰামৰ

বীৰ-বেশে ওলাই আহিব;

বাৰিষাই দিলে ডাক	নুশুনিব কাৰো হাক,

ভীমনাদে গৰজী উঠিব |

লৰ দিব বাহু দাঙি	দুয়ো পাৰ ছিঙি-ভাঙি

নাচি নাচি ফেনে-ফোটোকাৰে;

নাথাকিব এই পট,		উঠি যাব কোন ক’ত

বালিচৰ বুৰাব সাগৰে |

বুকুত ফুটিব ডকা	,	ঘূৰিব পানীৰ চকা,

চাকনৈয়া ওভতনি ব’ব;

যমদূতে ল’ব ঠাই,		কাৰো তাত ৰক্ষা নাই,

বালিচৰে যমপুৰী হ’ব |

আজিৰ সকলো কথা	বিস্মৃতিত ৰ’ব গঁথা

প্ৰকৃতিও হ’ব সংহাৰিণী,

জলৰ কুঁৱৰীসৱে		চিয়ঁৰি ভৈৰৱ-ৰৱে

মুক্তকেশী সাজিব যোগিনী |

আজিও বেহাম বেহা	থাকোঁতে মানৱী দেহা,

জীৱনেই বালিচৰ মোৰ;

নাভাবো কালিৰ কথা	মৰণৰ শত ব্যথা

ভাবিলেও নাই তাৰ ওৰ |

বেলিৰ কিৰণ পৰি		নাচে তিৰবিৰ কৰি

বালিচৰ পূৰ্ণ জেউতিত;

বাজক হৃদয় বীণা		আজিয়ে জগত জিনা

হিয়া মোৰ হক উদ্ভাসিত |