ভগৱতীপ্ৰসাদ বৰুৱা || ১৯০০-১৯৩৩

তোমালৈ
গোলাপৰ কোমল কোলাত
নিয়ৰৰ একণি টোপাল,
নীৰৱতে পাহি মেল খায়,
সকলোটি নিমাত-নিটাল |

দুপৰৰ সূৰুজে যেতিয়া
মেলিলেহি পোহৰৰ জাল,
হাঁহি-মুখে নিয়ৰৰ প্ৰাণ
গোলাপৰ বুকুতে লুকাল |

শুনা আজি তাহানিৰ মোৰ
জীৱনৰ প্ৰথম অধ্যায়,
ধীৰে ধীৰে ধীৰে মেল খাই
তেতিয়াও মাৰ যোৱা নাই |

পুৱঁতিৰ সেই পোহৰত
তুমি মোৰ ওচৰ চাপিলা,
পোহৰতে এন্ধাৰেৰে মিলি
তুমি মোক সাবটি ধৰিলা |

পোহৰৰ এন্ধাৰৰ চাকি
চাঁট কৰে এবাৰ নুমালে,
কিবা এক নতুন পোহৰে
জগতৰ জেউতি চৰালে |

এয়ে পোহৰৰ এন্ধাৰৰ মেলা
তুমি দেখোঁ সুত কৰে গই
মোৰ হৃদয়ৰ পৱিত্ৰ থাপনা,
তাতে বহি আছা মাত-বোল থই |

তেতিয়াৰপৰা আৰু মোৰ
মাতিবৰ মন যোৱা নাই,
মাথোঁ ধূপ আৰু ধূনাৰ গোন্ধত
অন্তৰত নই বই যায় |

তেতিয়াৰপৰা আৰু মোৰ
সকলোটি নিমাত-নিটাল,
নীৰৱতা সোণৰ সঙ্গীত,
নীৰৱতা সুললিত তাল |
তোমাক বুকুত লই
নাও মোৰ নীৰৱে চলিছে,
এই মহাসিন্ধু নীৰৱতা ভেদি
ক’ত জানো অন্ত পৰিছে!