বীৰেন্দ্ৰনাথ বৰকটকী৷৷ ১৯২৭-
        মন্বন্তৰ
স্মৃতিৰ গুহাত কত আদিম মানৱে কান্দে
জীৱনৰ মন্বন্তৰ ভাবি
যাযাবৰী বুৰঞ্জীত সিহঁত হেৰাই যায়
ৰচি সাধু হেজাৰ যুগৰ৷
হেজাৰ যুগৰ সাধু-
সিন্ধুৰ মোহনা ভাগে,
গঙ্গাত জোৱাৰ উঠে,
নীলত বাৰিষা নামে পৃথিৱী ঢৌৱাই!
শিলৰ বুকুৰপৰা শিলাকুটি নামি আহে
মানুহৰ মৰম বিচাৰি,
ভয় খাই ইভে কান্দে আৰু কত উলঙ্গ নাৰীয়ে
সভ্যতাৰ ডাঠ হাবি মুখৰিত কৰি৷
জীৱনৰ কুম্ভমেলা
সংস্কৃতিৰ সঙ্গম-ক্ষেত্ৰত
মন আৰু কল্পনাৰ অঘৰী সন্ন্যাসীবোৰে
স্নান কৰে পূত সলিলত
(ওঁ মধু ৱাতা ঋতায়তে)৷
দুষ্কৃতিৰ কুৰুক্ষেত্ৰ জিনি
সুকুমাৰ কৃষ্ণ জন্ম হয়
বুদ্ধই সপোন দেখে অনাদি যুগৰ৷
হিমালয় উচ্চ শিখৰত
তুষাৰ মানৱে শুনে
পৃথিৱীৰ উৰ্ব্বৰ ভূমিক
মুখৰিত কৰি গোৱা
মানুহৰ সমদল গান৷
নদীৰ মৰম যাচে
মানুহক জয়ৰ বীজাণু
দুহাতে ধৰি থকা ঋক্ বেদ খহি পৰে,
তীখাৰ পৰীক্ষা হয়
মানুহৰ মৰমী বুকুত
মন আৰু বাস্তৱৰ শৰাইঘাটত৷