বীৰেন্দ্ৰকুমাৰ ভট্ৰাচাৰ্য্য৷৷ ১৯২৪-
        গীত
আমি বহুবাৰ জনতাৰ দৰবাৰ,
আমি বহুবাৰ জনতাৰ চৰকাৰ৷
পুৰণি দৈন্য জুইৰে পুৰিম নতুন সাহস ঢালি৷
শত জাতি মিলি গুঁঠিম লগেৰে মহাজীৱনৰ ছবি৷
আমি স্বাধীন যুগৰ বিপ্লৱী বীৰৰ দল!
মুখত আমাৰ জীৱনৰ বাণী, চকুত সৃষ্টিৰ ঢল৷
হাতৰ মুঠিত ধ্বংস-গঢ়নৰ আশাৰ বিশাল বল৷
তেল-কয়লা-চাহ-বনুৱাই বঢ়াব জীৱনৰ মান৷
পাহাৰীয়ে ল’ব নিজে জীয়াই থকাৰ সুবিধাৰ মহাদান৷
কৃষকে ল’ব নিজে মাটিৰ স্বত্ব, তিৰোতাই ল’ব নিজে মুক্তি!
                আমি ৰচিম জনতাৰ শক্তি৷
আমি ভূমিত পাতিম আজি মহা সাম্যৰ মেলা!
নতুন অসম, সোণৰ অসম, জয় আই অসম বোলা৷