– চন্দ্ৰকুমাৰ আগৰৱালা

ফুল- কলি ফুলি গোন্ধ
বোৱাই প্ৰীতিৰ সোঁত
          সৰি পাছে নাইকিয়া হ’ল;
সি ফুলৰ মউ পিয়া
এটি ভোমোৰা বলিয়া
          ঘুৰি ঘুৰি ফুৰিছে অকল |

উৰি ফুৰে বেজাৰৰ
হৃদয় – ৰাগিণী তাৰ
          বৰষিয়ে সিও গুচি গ’ল;
ক’ৰ কোন কিবা হ’ল
চিন – স্মৃতি পমি গ’ল
          প্ৰকৃতিযে তেনেকৈয়ে ৰ’ল |