চন্দ্ৰধৰ বৰুৱা ৷৷ ১৮৭৪-১৯৬১
                        
                ধুলি-কণা মই
যিদিনা মৰিম মই, সেইদিনা বাৰু
        জগতৰ কেনি হানি হ’ব ?
মৰিলো নে আছো, মই, এই কথাকেনো
        পৃথিৱীৰ কিমানে জানিব ?
মই মৰিলেও দিন গলে ৰাতি হ’ব,
        জোন বেলি ওলায়ে থাকিব ;
গছত ফুলিব ফুল, বতাহ বলিব,
        নিজ বাটে নক্ষত্ৰ ঘূৰিব ৷
আজিৰ দৰেই নিতে জগত চলিব,
        নাই তাত অকণো সংশয় ;
এই বিশ্ব-সংসাৰৰ কোনো নিয়মৰে
        লৰ চৰ অলপো নহয় ৷
মই নোহোৱাৰ বাবে এই জগতৰ
        কোনো পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
        মই মৰা গমকে নেপাব ৷
অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
        এটি মাত্ৰ ধূলি-কণা মই ;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ
        কেনিও অকণো হানি নাই ৷