দুৰ্গেশ্বৰ শৰ্ম্মা ৷৷ ১৮৮৫-১৯৬১
                
  কিবা যেন নাই নাই
সন্ধিয়াৰ চাকি শাৰী,-
পুখুৰী-পানীত পৰি
        দীঘলীয়া, নাচিছে ৷
আকাশত ভোটা তৰা,
পাৰিষদে বেৰি ধৰা
        জিলিকিব লাগিছে ৷
দীঘল দ’লটি গই
লাহে লাহে সৰু হই
        আকাশত মিলিছে ৷
দুখ-শোক আঁতৰাই
মন-প্ৰাণ নচুৱাই
        জুৰ বায়ু বলিছে ৷
ইয়াত সদায় দেখা,
দেখিলে মনত থকা
        আহিলেই লগ পায ;
মনে মনে ভাল পোৱা,
ভাবিলে কেনিবা যোৱা,
        কিবা যেন নাই নাই ৷