হৰি বৰকাকতি৷৷ ১৯২৯-
        অনুৰ্ব্বৰা
যাত্ৰাময় শিলনিৰ
সংঘাতত ওপজা ফিৰিঙতিত এদিন হ’ল
জ্যামিতিক বিন্দুত জীৱনৰ জীৱন্ত সূচনা৷
তুমি সাৰ পালা৷
অৱচেতনাৰ নাতিশীতোষ্ণ এলেকাত
পাহাৰী সাপৰ কিলবিল নৃত্য দেখি
তুমি ভোৰ গ’লা;
ৰেখাময় পৃথিৱীৰ তিৰ্য্যক চকুত
বিজুলীৰ চোকা ৰেখা চাই, বুৰঞ্জীৰ পাতনি মেলিলা-
জীয়াই থকাৰ আৰু
জীয়াই ৰখাৰ৷…
অনুৰ্ব্বৰা জীৱনৰ গাঁথনিৰ ফাকে ফাকে
হঠাতে জিলিকি উঠা
সেয়ে জানো প্ৰাণ? জেঠিৰ নেজত নচা প্ৰাণৰ
                        নিখুঁত অভিনয়!
হেৰা সোণাপাহী, তুমি
জীৱনৰ সৰাইখানাত থ’লা
সুৰা এছোৰাহী৷ সৰীসৃপ কামনাৰ ম্লান অগ্ৰদূত,
                        বিবৰ্ণ বতাহ৷
দুৰন্ত দুপৰ জুৰি সময়ৰ দুচকুত অগ্নি-কণা বয়
জাকে জাকে৷ জোঁট লাগে পুতলাৰ জৰী;
বন্ধ্যা ই সন্ধাৰ বাবে মিছাৰ তোমাৰ আয়োজন৷
অপেক্ষাৰ অৱসাদে ভঙা কেঁচা ঘুমটিৰপৰা
সাৰ পাই শুনিলা মাথোন, গুচি যোৱা জাহাজৰ উকি৷
দেখিলা; বুজিলা জানো, কামনাৰ দেৱালত বন্দী তুমি
মাছ-বাকলিৰ ফুল? বন্ধ দুৱাৰ, লুপ্ত অভিজ্ঞান,
দিনান্তৰ এবুকুৱা পলসত৷