হেমচন্দ্ৰ গোস্বামী

সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙাই
প্ৰকৃতিৰ চোঁ-ঘৰ চালো পিত্ পিত্ ;
কুকুৰ-ঠেঙীয়া এই আখৰকিটিত
যি অমিয়া ঘঁহা আছে, কতো আৰু নাই |
কবি-নিকুঞ্জত ফুলি কত কবিতাই,
মলয়াত উটি উটি ফুৰে পৃথিৱীত,
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত
কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায় |

ফুল ফুলে, সৰি যায়, শুকায় বননি;
বসন্তৰ কুঁহিপাত ৰ’দত লেৰেলে |
তোমাৰ চিঠিয়ে, প্ৰিয়ে, জানে কি মোহিনী,
নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে |
যত শুঙো, চুমা খাওঁ, নালাগে আমনি,
হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে |