হিতেশ্বৰ বৰবৰুৱা ৷৷ ১৮৭৬-১৯৩৯
        
                কাণৰ থুৰীয়া
পূৰ্ব্ব জনমত, জানো, কত পুণ্যবেলে
থুৰীয়া জনম পালি তই জগতত ৷
শোওঁতে, খাওঁতে কিম্বা উঠোঁতে বহোঁতে
চুমা দিয় প্ৰেয়সীৰ কোমল গালত ৷
যি চুমাৰ হেঁপাহত আতুৰ প্ৰেমিক,
প্ৰেমৰ ৰাজ্যৰ যিটো অমূল্য ৰতন,
যাক লই সংসাৰৰ সকলো বলিয়া,
অনায়াসে তই কিন্তু পাৱ সেই ধন ৷
যি চুমাৰ মাথোঁ এটি পাবৰ আশাত
প্ৰেমিক উৰ্ছগা কৰে পৰাণ নিজৰ,
সেই চুমা লাখ লাখ নিতে পাৱ তই;
নাজানো কি পুণ্য তোৰ আছিল পূৰ্ব্বৰ ৷
নহ’ল আমাৰ কিয় থুৰীয়া জনম!
পালো হয় নিতে কত মধুৰ চুম্বন ৷