হোমেন বৰগোহাঞি৷৷ ১৯৩১-
        সাপ
কি দুঃসহ সুন্দৰ ৰাতি, উষ্ণ আৱেগ আৰু উত্তাপ,
ৰোমাঞ্চিত হয় মোৰ মন (যি মন লৈ মই খেলা কৰোঁ)
                                যেন এটি উজ্জ্বল সাপ
সোণালী যাৰ গাৰ ৰং, মৃত্যুৰ ক্ৰূৰ আৱেগ তাৰ দৃষ্টিত৷
(কেনেকৈ এই স্বপ্ন সফল হ’ল আমাৰ এই বন্ধ্যা সৃষ্টিত?)
অনুভৱ হয় মুক্তিৰ বিপুল আনন্দ
মোৰ সত্তাত, মোৰ চেতনাত; জীৱনৰ অনায়াস ছন্দ
সৰ্পিল গতিৰে ভাহি যায় ৰাতিৰ অন্ধকাৰৰ নদীত
উদ্দাম, উত্তাল, অবাৰিত৷
উদ্মাদৰ দৰে মই ভাল পাওঁ ৰাতিৰ এই ৰক্তস্নাত অন্ধকাৰ,
যেনেকৈ ভাল পাওঁ এটি মন, আলকাতৰাৰ দৰে
                        গাৰ ৰং কোনো এক বেশ্যাৰ৷
স্বপ্নৰ অৰণ্যত বিচৰণশীল এটি উজ্জ্বল সোণালী সাপ
তাৰ চৌপাশ ঘেৰি সোণালী স্তব্ধতা, দুঃসহ বিস্ময়, আৰু উত্তাপ
অন্ধকাৰ আৰু অন্ধকাৰ৷
মই ভাল পাওঁ ৰাতিৰ দৰে সুন্দৰ এটি সাপ,
                        আৰু তাৰ অবাক অহঙ্কাৰঃ
আলকাতৰাৰ দৰে গাৰ ৰং কোনো এক বেশ্যাৰ
গলিত হূদয় যেন, মৃত্যু আৰু সৌন্দৰ্য্যৰ এই সমাহাৰ৷