– জ্যোতিপ্ৰসাদ আগৰৱালা

শক্তি পুত্ৰ মই
ভক্তি বুকুত লই
মূক্তি প্ৰয়াসী হই
     অৰ্জ্জুন মই, গাণ্ডীবী মই,
         ময়েই ধনঞ্জয় – মৃত্যুক কৰিছোঁ জয়;
ময়ে অসমৰ
ময়ে ভাৰতৰ
         ময়ে ডেকা ল’ৰা অগ্নিময় |
     ময়ে ভাৰতৰ নবীন সূৰ্য্য
     পূৰ্বাচলত বজাওঁ তূৰ্য্য্
মোৰ পোহৰৰ গানে
আকাশে আকাশে, দেশে মহাদেশে
         মুগ্ধ কৰিব আলোক যাত্ৰী
         শেষ হ’ব শেষ নোহোৱা ৰাত্ৰি
             কৰিম জগত জয়
             নবীন সূৰ্য্য মই |

উপচি আহিব পোহৰৰ ধল
    লুইতৰ দৰে ফেনে – ফোটোকাৰে
    ফেনিল শুভ্ৰ জ্যোতি – প্ৰপাতৰ জল |
হাতীপটীয়েদি ঐৰাবাটেদি
কত নগৰৰ অলি – গলিয়েদি
কত মেধাবীৰ মহামনীষীৰ
         মনৰ মাজেদি
    কবীন্দ্ৰ জিনি হ’ম
         মহামনীষাৰ মহাসাগৰত ৰ’ম |