-কমলানন্দ ভট্টাচাৰ্য্য

বিলত তিৰেবিৰায় পদুমৰ পাহি ঐ,
            পাতত তিৰেবিৰায় পানী |
ৰদত তিৰেবিৰায় জিয়াৰে পাখি ঐ,
            ফুলনিত ফুলৰে ৰাণী ||

এন্ধাৰত জিলিকে জোনাকী পৰুৱা
            আকাশত জিলিকে জোন;
কলাকৈ ডাৱৰত বিজুলী জিলিকে
            হিয়াত মোৰ জিলিকে কোন ?

কলিজাত যি কুৰা জ্বলে ঐ জীয়া জুই,
            জিলিকে তাতো ঐ কেচা সোণ |
হবনে এনে দিন বাজিব ভগা বীণ,
            হিয়াত মোৰ জ্বলিব পূণিৰ্মাৰ জোন ||