কেশৱদাস কায়স্থ ৷৷১৭ শ শতিকা
ভাগৱতৰপৰা
নৱম স্কন্ধ

তুমি অগ্নি সূৰ্য্য     তুমিসে চন্দ্ৰমা

নক্ষত্ৰ-গণৰ পতি ৷

তুমি জল ক্ষিতি    মহাবায়ু জ্যোতি

ইন্দ্ৰিয়্গণ সম্প্ৰতি ৷৷

অচ্যুতৰ প্ৰিয়      চক্ৰ যাৰ নাম

সহস্ৰ-নেমি যুগুত ৷

যাহাক সেৱিয়া   অধম প্ৰাণীও

সংসাৰে হোৱে মুকুত ৷৷

হেনয় চক্ৰক    সততে প্ৰণামো

তুষ্ট হুয়ো মোক প্ৰতি ৷

ব্ৰাহ্মণৰ আৱে   কুশল কৰিয়ো

সুস্থ হোক আন মতি ৷৷

ধৰ্ম্ম ৰূপে তুমি   জগতক পালা

সত্য মূৰ্ত্তি ভৈলা যাৰ ৷

হেনয় তোমাৰ   চৰণত হেৰা

নমো মই তাসাম্বাৰ ৷৷

যজ্ঞ-মূৰ্ত্তি তুমি  আপুনিও ধৰা

যজ্ঞক কৰা ভোজন ৷

দশ দিকপাল ৰূপ হুয়া তুমি

সৱাকো পালা সঘন ৷৷

জগতক ব্যাপি আছা আত্মা-ৰূপে

পৰম শেষ্ট মহন্ত ৷

অধৰ্ম্মীক নাশা সুধৰ্ম্মীক পালা

তুমিসি পৰম সন্ত ৷৷

অখিল ধৰ্ম্মৰ সেতু তুমি প্ৰভু

নমোহো তযু চৰণে ৷

সকলে লোকক আপুনি পালাহা

পশিলো মই শৰণে ৷৷

মনত অধিক বেগ ভৈল যাৰ

সকলে ধৰ্ম্মৰ সাক্ষী ৷

সূৰ্য্য আদি ৰূপে আপুনি প্ৰকাশ

জগতকে আছা ৰাখি ৷৷

যেখনে তোমাক ঈশ্বৰে প্ৰহাৰ

কৰয় দৈত্যক লাগি ৷

দৈতৰ বলক ভষ্ম কৰি নিয়া

পলায় মহাবেগে ভাগি ৷৷

কাৰো বাহি কাটি পেলোৱা বিপাটি

শিৰ উৰু কাণ নাক ৷

যুদ্ধ-সময়ত কৰাহা প্ৰকাশ

চাহান নযায় তোমাক ৷৷

সেহি তুমি প্ৰভূ জগতৰে দুখ

হৰিবাক মনে হৰি ৷

নিৰূপণ কৰি আছন্ত তোমাক

গুণে নাই সৰিবৰি ৷৷