– লক্ষ্মীনাথ বেজবৰুৱা

নিকুঞ্জ লতা     সপোন মগন
বাঁহীৰ অমিয়া পি,
বসন্তই বঢ়ালে     সপোনৰ ৰাগী
মূৰত হাত বুলাই দি |
মলয়া বতাহে     লতাটি জগালে
মেলিলে ফুলৰে চকু,
জোনাকে ঢালিলে   সুধাৰ নিজৰা
উপচি পৰিল বুকু |