নীলমণি ফুকন || ১৮৮০-

মনোৰমা
নোহোৱাঁ উৰ্ব্বশী স্বৰ্গৰ বিকাৰ
বিশ্ব জিনি থকা সৌন্দৰ্য্যৰ;
আঁচলত উৰা বিজুলী-আঁৰৰ
চঞ্চলতা মাথোঁ চমকৰ |

নোহোৱাঁ মেনকা তপস্যা-ভঙ্গৰ;
আশ্ৰমত থকা হৰিণীৰ
চকুৱেদি যোৱা শান্তি-ৰসখিনি,
হৃদয় পমোৱা দুবৰিৰ |

নোহোৱাঁ অলকা বিৰহী যক্ষৰ
অমৰাৱতীয়ে লাজ পোৱা
সিঁচৰতি হোৱা মুকুতা পোহৰ
হিয়াত মাথোঁ বাগৰি যোৱা |

সখী স’তে ফুৰা ঋষি-কন্যা তুমি
নোহোৱাঁ- মৃগয়া দুষ্মন্তৰ;
কোনো কালে শৰ-বিদ্ধ নোহোৱা
হৰিণীৰ দৰে আশ্ৰমৰ |

নোহোৱাঁ শোণিত-তপ্ত উষাৰ
অনিৰুদ্ধ-বিমোহন ৰূপ;
পদুম-পাতত তাৰে আলেখ্যটি,
সেয়েহে তোমাৰ প্ৰতিৰূপ |

নোহোৱা সুন্দৰী ভীষ্মক-জীয়াৰী
দ্বাৰকাৰ কৃষ্ণ মোহ যোৱা;
ক্লান্ত হই অশ্ব পৰিল যিঠাইত
দেখোঁ তাতে তুমি থিত লোৱা |

যিখন নাৱেৰে সাউদ লখীন্দাৰে
বেহাল, বুৰিল লুইতত;
তাৰ ব’ঠাচটি লই বাই আছা
উঠি বেউলাৰ উটা ভুৰত |

বশিষ্ঠ মুনিৰ আশ্ৰমত আজি
শেলাই ধৰিছে শিলৰ গাত;
বিচাৰি ফুৰিছা খুপি খুপি তাতে
ক’ত আছে মুনি তপস্যাত |

মদন-ৰতিৰ নোহোৱা সঙ্গনী,
ফুল-শৰ মাৰি মুগ্ধ কৰা
যি নেত্ৰে কৰিলে ভষ্ম মদনক,
যুগে যুগে তাতে জন্ম ধৰা |

সৃষ্টিৰ সকলো সৌন্দৰ্য্য মাজত
বিচাৰি তোমাক ভাগৰিলো;
সৌন্দৰ্য্যৰো তুমি দূৰৰ সপোন-
এই কথা আগে নাজানিলো |

মনৰ আলোক-পুৰী জিনি আছা
অৰূপা-সুন্দৰী মনোৰমা!
প্ৰাণেৰে পৰশ নাপাই তোমাৰ
গঢ়িছো মনতে তিলোত্তমা |