পদ্মনাথ গোহাঞি বৰুৱা ৷৷ ১৮৭১-১৯৪৬
        
        মিলন-মহত্ত্ব
        স্বৰ্গ-মৰ্ত্ত্য-মিলনৰ সাক্ষ্য দিয়ে
        আকাশে সাগৰে
পাতালকো কৰে এক চামে চামে
        মিলন-আকৰে ৷
সুমেৰু কুমেৰু মিলে,-মেৰু-দণ্ড
        মূৰ পুতি জোঁটা
ৰিষুৱ-বান্ধনি মেৰ,ভূমণ্ডল
        আঁকোৱালি অটা ৷
উদয়-অচল-স’তে অস্তাচল
        ধ্ৰুৱ সন্মিলন;
পীতাম্বৰ পূজাৰিয়ে পুৱা সন্ধ্যা
        কৰে আৱাহন ৷
পদ্ম-ৰাগ সূৰুজৰ দিনমান
        মিলন-পোহৰ,
চন্দ্ৰ-প্ৰভা কুমুদত মিলনৰ
        হিয়া-সৰোবৰ ৷
প্ৰতিভাত প্ৰকৃতিত পুৰুষৰ
        মিলন মহিমা;
সৃষ্টিৰ স্বীকাৰ্য্য বিয়পিছে,
        নাই তাৰ সীমা ৷
সখি-মিলনৰ ফল কৃষ্ণাৰ্জ্জুন,
        গীতা-উত্পত্তি;
মানৱাত্মা-মুক্তি হেতু জগতত
        শ্ৰেষ্ঠ ধৰ্ম্ম-ভেটি ৷
সৃষ্টি স্থিতি প্ৰলয়ৰ সম্বন্ধ-নিৰ্ব্বন্ধ
        গূঢ় তত্ত্ব;
একৰ কাৰণে তিনি,বিশ্বপ্ৰাণ
        মিলন-মহত্ত্ব ৷