ৰঘুনাথ চৌধাৰী ৷৷ ১৮৭৯-১৯৬৮
                
        গোলাপ
কাৰ পৰশত ফুলিলি বান্ধৈ
অ’ মোৰ সাদৰী ফুলাম পাহি ?
শ্যামলী পাতৰ ওৰণি গুচাই
কাৰ ফালে চাই মাৰিলি হাঁহি ?

কোন নন্দনত লগালি চমক,
নাচিছে য’ত পৰী বুলবুল,
অভিশপ্ত হৈ বিলাস-কুঞ্জত
প্ৰেম-মদিৰাত যেন মচগুল ?

হাছ্নাহানাৰ তীব্ৰ গন্ধত
সপোন-বিভোৰ মাধৱী নিশা,
তোৰ পৰশত বিৰহী জেনাৰ
পলালনে প্ৰিয়ে প্ৰাণৰ তৃষা ?

আৰব-পিয়াৰী বছৰা ৰাণীৰ
গুল্-বদন্ পেলালি জুৰ ;
ভাহি ফুৰে তোৰ ৰূপ-তৰঙ্গত
পাপিয়াৰ স্নিগ্ধ কৰুণ সুৰ ?

ফুলিলি যিদিনা মৰু-উদ্যানত
উৰিল সৌৰভ জগত জুৰি ;
গগন-চুম্বী কলোছছে তোৰ
পান কৰিলে ৰূপ-মাধুৰী !

আছিলিনে প্ৰিয়ে বেবিলনৰ
গুল-বাগানত ফুলৰ ৰাণী ?
স্বৰ্গৰ নন্দন সাজিলি শূন্যত,
কবিৰ মুখত অমৰ বাণী ৷

ৰূপ ৰস গন্ধ পৰশ প্ৰেমত
জিনিলি পিয়াৰা হিন্দুস্থান ;
বাদছা হেৰেম কৰি গুলজাৰ
দিল-দৰিয়াত তুলিলি বান ৷

তোৰ ই ৰূপ জগত বিভোল
ঢালিলি প্ৰেমৰ বিমল ধাৰা ;
দিল্লী-বেগম নুৰজাহানৰ
আছিলিনে তয়ে দিলবাহাৰা ?

কোন সুন্দৰীৰ নিমজ গালত
ফুটাই তুলিলি চিকণ কাজ ?
উঠিল প্ৰেমিক ছাহজাহানৰ
ভুৱনবিজয়ী মৰ্ম্মৰ তাজ !

কত কাব্য-গাথা, অতীতৰ স্মৃতি,
উদাস প্ৰেমৰ মূৰ্ত্ত বিকাশ ;
বিজড়িত তোৰ কোমল বুকুত
কত বিৰহীৰ হা-হুতাশ !

ফুলিবিনে মোৰ মানস-কুঞ্জত
অ’ মোৰ দৰদী ফুলাম পাহি ?
উঠিবনে বাজি প্ৰিয়া পাপিয়াৰ
পুলক-ভৰা মিলন-বাঁহী ?