Xophura সঁফুৰা » Ram Gogoi

পথাৰ
-ৰাম গগৈ

শাওনৰ মেঘ মক্ত নীলাকাশ |

সূৰ্য্যস্নাত ক্লদদময় হে বিশাল পথাৰ বিপুলসম্ভৱা !

নাঙলৰ সিৰলুত সোণফলা মাটিৰ কামনা

ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা |

কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ

তুমি প্ৰাণময়, মোহময় জীৱন-মালিকা | পথাৰ !

তোমাৰে স্বীকৃতি আছে, তুমি কোনোবা

আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস

আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিণৰ্য় সুত্ৰ |

মৃতম্লান কৃষকৰ সাধনা কঠোৰ

নিৰন্ন, বিমৰ্ষ আৰু ক্লান্ত, শ্ৰান্ত সন্ধিয়াত

দু:চিন্তা দু:সহ হৈ পৰে | মহাজনী অৰ্থনীতি: দৈনন্দিন

লাভ আৰু ক্ষতিৰ গণনা |

পাৰ ভাঙি পানী আহে |

সোঁতৰ চেৱে চেৱে বাঢ়ে, নাচে আৰু হাঁহে |

ক্ৰৰ স্পৰ্শ: ফেনিল উত্তাল তৰঙ্গ ৰাজি,

বুকুৰ সেউজীয়া সপোন টোকে কাঢ়ি লৈ যায়,

বাধা নাই, অবাধে আহিল আৰু গ’ল | তেতিয়া

মই কান্দো, সি আৰু পথাৰেও ইনাই-বিনাই কান্দে |

বিচিত্ৰ অভিব্যক্তি | সন্মিলিত কৃষকৰ সমস্বৰ দৃঢ়কন্ঠ

বিননিত বিদ্ৰোহৰ জাগৰণ আহে | অদ্ভূদয় প্ৰভাতী চেতনা |

অগ্নিদীক্ষা – দ্ৰুত অভিযান, অবিৰাম! অধিকাৰ

সংগ্ৰামৰ পথাৰত শ্ৰমজীৱী মানুহৰ তেজ ৰঙা ইতিহাস

লিখা হয় | পৰিবত্তৰ্ন | আৰু

হাল কোৰ-দালৈ নতুন যুগৰ অভিযাত্ৰী শ্ৰমিক কৃষক

পলাতক-উদ্বাস্তু, মহাজন, পুঁজিপতি, সমস্ত শোষক:

বানপানী পাৰ ভাঙি আৰু আহিব নোৱাৰে |

সেউজীয়া প্ৰাণৰ পথাৰ

সোনালী ৰূপালী হয়, বাকৰীত সোণগুটি লাগে, নতুন আৰু নতুন…

হে পথাৰ !

হে সৃষ্টি সম্ভৱা বিপুল পথাৰ

তোমাক নমস্কাৰ !