– সমীৰ তাঁতী

সদায় ঘটি থকাৰ দৰে
তোমাৰ মাত
তোমাৰ মাতত এটা দিন
এটা বাটৰ বতৰা হ’ব

তুমি এনে কি কথা কৈছিলা
কাৰো মুখত উত্তৰ পাবলৈ নাই

নঘটাকৈয়ে ঘটিব পাৰে
তোমাৰ মাত

তোমাৰ মাতত কাৰ মাত
চকুত ১৪৪ ধাৰা চলে

সদায় থকাৰ দৰে
তোমাৰ মাত

অবিকল অনুশোচনা এটা |