– সনন্ত তাঁতি

উবৰ্ৰ মাটিৰ খেতিত ই
প্সিত শস্যৰ বাবে
মই তোমালোকৰ প্ৰাৰ্থিত প্ৰতিখন হাতৰ তৃণ
স্থিতি আৰু ধ্বংসৰ বিস্তৃত ভাস্কয্যৰ্ৰ নিৰ্মাণ
তোমালোকৰ যন্ত্ৰনা কাতৰ কন্ঠস্বৰৰ অমোঘ ঘোষণা

মাটিৰ সতে মাটি সানি মোৰ ই
প্সিত শস্যৰ বাবে
মই তোমালোকৰ অন্ধকাৰৰ অবিৰল আলোৰ দ্যোতনা
নৈ:শব্দত প্ৰগাঢ় সুৰৰ ধ্বনি
স্থিতি আৰু ধ্বংসৰ বিস্তৃত ভাস্কয্যৰ্ৰ নিৰ্মাণ
তোমালোকৰ বন্ধ মূখৰ সংলাপ

মই তোমালোকৰ মই তোমালোকৰ