উমেশচন্দ্ৰ চৌধাৰী || ১৮৯৮-১৯৫৩

গীত
||১||
চেনেহী মোৰ মাতৃভাষা
তুমিযে মোৰ বুকুৰ বাণী,
তুমিযে মোৰ লীলাময়ী,
তুমি মোৰ-স্বপ্ন-ৰাণী |
বিলালা মোক ইমান বেথা,
শিকালা মোক ইমান কথা;-
উল্লাসে উপচি পৰে
কি আনন্দ আকুলতা!
নধৰে মোৰ হৃদয়ত,
জৰি পৰে চকুৰ পানী |
তুমিযে মোৰ দীপ্তি-হীনা
অযত্ন-মলিনা দীনা;-
কিহেৰে আই পূজোঁ, মোৰ
সম্বল মাথোঁ জীৰ্ণ বীণা
তুমিযে মোৰ সুৰময়ী
প্ৰেম-পূত মন্দাকিনী |

||২||
লুইতৰ পাৰতে পৰ্ব্বতৰ আঁৰতে
ওখকৈ পাতিছিল গৰা,
চিকুণ চিকিমিকি বগী ঢকেঢকী
পৰিছিলে বালিডৰা;