ধৰ্ম্মেশ্বৰী দেৱী বৰুৱানী || ১৮৯২-১৯৬০

মিলন-প্ৰয়াস
পৰ্ব্বত ভৈয়াম নগৰ সাগৰ
আৰু কত জান জুৰি,
আকাশে বতাহে বিচাৰি ফুৰিলো
গোটেই বিশ্ব ঘূৰি |
ব্যৰ্থ হ’ল মোৰ সকলো প্ৰয়াস
দেৱতা নাপালো হায়!
ইঙ্গিতেৰে যেন ক’লে সকলোৱে,
“নাই, নাই আৰু নাই |”
ক’ত মোৰ প্ৰাণ, ক’ত মোৰ প্ৰিয়
কতযে বিননি গালো,
ক’তোযে নাপালো প্ৰাণৰ দেৱতা
মাথোঁ হাবাথুৰি খালো |
হিয়াৰ দেৱতা বিচাৰি ফুৰিলো
ক’তোযে নাপালো দেখা,
শোক, হুমুনিয়া চকুলোৰে মাথোঁ
ৰ’ল এটি ক্ষীণ ৰেখা |
প্ৰাণৰ তৃষ্ণাই আকুল কৰিলে
প্ৰিয়-মিলনৰ আশে,
ক’ত সেইজন বাঞ্ছিত ধন
ক’তেবা লুকাই আছে?
ৰ’ লাগি মই থাকোঁ থৰ হই
মনতেই ভাবি-গুণি,
বিশ্ব বিদাৰি মহাব্যোম ভেদি
হ’ল এটি প্ৰতিধ্বনি,-
অচিন্ত্য অব্যক্ত ৰূপে আছে তোৰ
হিয়া-মণিকূট মাজে,
দেখা পাবি তাতে প্ৰাণৰ দেৱতা
মোহন মূৰতি সাজে |
মন-দাপোণৰ মলি মচি লই
জ্ঞানৰ শলিতা জালি,
প্ৰেমৰ অৰ্ঘ্য প্ৰিয়ৰ শিৰত
দিবিচোঁ যতনে ঢালি!
আকুল ভাবেৰে আঁকোৱালি তোক
প্ৰিয়তমে ল’ব তুলি,
গোটেই বিশ্বত মোৰেই স্বৰূপ
মোৰেই আতমা বুলি |
ব্যৰ্থতা তোৰ হ’বযে সফল
প্ৰিয়ক বিচাৰি পাবি;
শান্তি-সাগৰ উথলি উঠিব
প্ৰিয়ৰ পৰশ পাই,
অব্যক্ত সুৰত বাজিব ৰাগিণী
মিলন-গীতিকা গাই |

Leave a Reply