জ্যোতিপ্ৰসাদ আগৰৱালা

শিল্প মই তিনিও কালৰ
              অতীতৰ
              বত্তৰ্মানৰ
              অনাগত ভৱিষ্যতৰ|
     আদিতেই যাত্ৰা কৰি অনাদিলে’ যাওঁ,
     ধ্বংসৰ মাজেদি মই
              ৰূপান্তৰেদি ৰূপ পাই
              নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ |

জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ
        মই পিন্ধো বিশ্ববেশ
   নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ |

   নানা ভাষা
   নানা আশা
নানা জাতি-বৰ্ণ জিনি
   মই শুনো ৰিণি ৰিণি
   বিশ্ব-জনতাৰ এক অপূৰ্ব্ব সঙ্গীত |

সেই সঙ্গীতৰ প্ৰতিধ্বনি
   তোলোঁ মোৰ
   গানে সুৰ
   সাম্যৰ
   সমৃদ্ধিৰ
   সৌন্দয্যৰ্ৰ
   মহামহত্বৰ
   পাতিবলে’ শান্তিৰ নৱলোক
               এই পৃথিৱীত |

মোৰ কল্পনা-মেধা, বুদ্ধি-মনীষাৰে
   মোকে কৰি সংস্কৃতিৰ অপূৰ্ব্ব আধাৰ
        মোকে শলিতা কৰি জ্বলাওঁ
            বিশ্ব-চাকি
                 বিশ্ব-জনতা পূজাৰ;
সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি
        মই দিওঁ উপহাৰ
        মোকে কৰি ষোড়শোপচাৰ |
   বিশ্ব জুৰি জনতাৰ জয়জয়কাৰ
             হওক জয়জয়কাৰ|

Leave a Reply