মহেন্দ্ৰ বৰা|| ১৯২৯-
        সাপ
        
অসহ্য সুন্দৰ লাগে সোণালী ৰ’দৰ বৰ্ণালি পৰি
স্থিৰ অচঞ্চল স্বপ্নৰ দৰে এটা উজ্জ্বল সাপ|
কুঁৱলীৰ দৰে ৰহস্যময় সদ্যোজাত শিশুৰ দৰে কোমল
অপূৰ্ব্ব তাৰ দেহৰ বৰণ|
স্বপ্ন ভঙাৰ উদ্মাদনাত তাৰ সোণালী দেহৰ
প্ৰতি গ্ৰন্থিচক্ৰে জাগি উঠে প্ৰাণচাঞ্চল্যৰ উৰ্ম্মি|
গতিৰ শিহৰণ জাগে প্ৰতি অঙ্গে ছন্দে
দিনৰ পাছত ৰাতি আন্ধাৰৰ দৰে
সি মোক খেদি আহে|
মোৰ পলৰীয়া দেহৰ প্ৰতি নিশ্বাসত ক্লান্তি নামে;
কোনো এক মৃত্যুস্নাত মুহৰ্ত্তৰ দৰে অৱসন্ন হৈ পৰোঁ|
তাৰ বিচিত্ৰ ছন্দ মোৰ জীৱন-নদীৰ মোহনাত
অনুভৱ কৰোঁ,
আৰু তাৰ সাগৰৰ দৰে উত্তাল মৃত্যুৰ দৰে স্নিগ্ধ
কি নিবিড় সেই আকৰ্ষণ!
মই যেন তাৰ আলিঙ্গনৰ আগ্নেয় উত্তাপত
গলি শেষ হৈ যাম|
জীৱনৰ নিষ্ফল আক্ৰোশ জলি পুৰি-মৰে
প্ৰেম আৰু মৃত্যুৰ অগ্নিশিখাৰ পোহৰত
জীৱন্ত বিমুগ্ধ আত্মা|
আশ্চৰ্য্য তোমাৰ সৰীসৃপ আকৰ্ষণ,
হে অনন্যা, তুমি আনা, আনা প্ৰাণবন্যা!

Leave a Reply