– নলিনীবালা দেৱী

তোমাৰ পৰশে মোৰ মছি দিয়ে হিয়াৰ দীনতা,
লক্ষ্য-হীন জীৱনত দিয়া নিতে শান্তিৰ বাৰতা |
নিৰাশাৰ হুমুনিয়া বুকু ভাঙ্গি আহিলে ওলাই,
জনোৱা নীৰৱে তুমি – আছো মই, নাই যোৱা নাই |
গহীন আন্ধাৰ নিশা ফুৰোঁ যদি বাট খেপিয়াই,
বনৰ মালতী গোন্ধে দিয়ে মোক বাট দেখুৱাই |
মলয় সুৰভি সানি যোৱা তুমি আঁচল উড়াই,
জনোৱা নীৰৱে, সখী আছোঁ মই, নাই যোৱা নাই |

Leave a Reply