-অতুল চন্দ্ৰ হাজৰিকা

ব্যৰ্থ-ভৰা জীৱনৰ পুঞ্জীভূত বেদনা বিপুল
নিবেদিছোঁ চৰণত, এই মোৰ চৰণ আকুল |
যদিও জীৱন ব্যৰ্থ, তথাপিতো তুমি স্বামী মোৰ
বুজা নাই একো অৰ্থ, হিয়া মোৰ বিষাদেৰে পূৰ |
নাচোনৰ ছেৱে ছেৱে, সঙ্গীতৰ প্ৰতি লহৰত
একোটি মাথোন সুৰ বাজি উঠে হৃদয়-বীণত |
ভাষা নাই বুজাবৰ অশ্ৰুময় কৰুণ কাহিনী,
হে দেৱতা, হে পাষাণ শুণা শত শোকৰ ৰাগিনী |
নহওঁ পৱিত্ৰ মই, দাসী মই, সেৱকী তোমাৰ,
তাতকৈ বেছি জানো পাব পাৰো কিবা আধিকাৰ?
জগতৰ স্বামী তুমি, মোৰ স্বামী হবা সেই বুলি,
দোষ মোৰ কপালৰ, আছে বহু কলঙ্কৰ মলি |
পবিত্ৰ অন্তৰলৈ নোৱাৰিলো সেৱিব চৰণ,
জানা তুমি কোন দোষী, মোৰ দোষ – সি বাবে পতন |
ভুলৰ হুলেৰে হনা কলূষিত গোতেই জীৱন,
নিতউ সন্ধিয়া বেলা হয় তাৰে অৰ্ঘ্য বিৰচন |
আৰতিৰ ডবা-কাঁহ, শঙ্খ ঘন্টা যিমানে বাজিব,
মোৰ ই বেদনা ধ্বনি তাতকৈ দুগুনে চৰিব|
তোমাৰ পুজাৰ ফুল, ভোমোৰাই মউ চুহি খোৱা,
নিচেই আজলী ফুল, তাকে ভাবি তুমি লোৱা|
সেই দৰে হে নিঠুৰ, লবা তুমি মোক নিঘিণায়,
মিলি যাম তোমাতেই, পাপ জন্ম নলওঁ দুনাই |
সেয়ে হলে দুখ নাই, ব্যাথা আৰু নেথাকে বেদনা,
নটী মই, নাচি নাচি পাষানৰ লভিম কৰুণা|
অবিচাৰ জগতৰ – নকৰিবা তুমি অবিচাৰ;
লবা যেন নিঘিণায় হৃদয়ৰ ষোড়োষোপচাৰ |
লবই লাগিব তুমি মোৰ এই ভক্তি ভৰা ফুল;
জীৱনৰ যৌৱনৰ ব্যথৰ্তাৰ তুমিয়েই মূল |