– ভবেন বৰুৱা

বিচাৰি চোৱা
ৰাতি প্ৰান্তৰত বিচাৰি চোৱা
তোমাৰ হাত মেলি ঃ
যি হাতত সময় বৈ গৈছে |
     দিনত আয়নাবোৰত বিচাৰি চোৱা
তোমাৰ আঙুলিবোৰে তোমাৰ মূখৰ প্ৰতিবিম্বিত ঃ
য’ত আন্ধাৰবোৰ বৈ গৈছে |
     আন্ধাৰবোৰত কেৱল তললৈ নামি গৈছে
অবিৰাম গতিত
সীহৰ দৰে গধুৰ দুৰ্বোধ্য এটি বোজা,
     হাতত তোমাৰ সীহৰ ভাৰ,
আন্ধাৰত তোমাৰ মুখ মণ্ডল |
     বিচাৰি চোৱা আন্ধাৰবোৰত
বিশাল প্ৰান্তৰ জোৰা
     সীহৰ আলোড়ন বোৰ |