–গোপালদেৱ ৷৷১৫৪১-১৬১১

গীত

৷৷ ৰাগ শ্ৰীগান্ধাৰ ৷৷যতি

আহে শুন মধুকৰ হে

বুজলো তোহাৰ অভিপ্ৰায় ৷

হামাৰি পাশক দূত কৰি তোক  ষটপদ ৰে

জানলোহো পঠাইলা মধাই ৷৷

পদ ৷৷ তোহাৰি কানুৰ সঙ্গে পিৰীতি নকৰো হামু ৰে

কপটী তাহেৰ সম নাই ৷

তই যেন মধুকৰ পৰম দাৰুণ চিত্ত ৰে

পুষ্প চুম্পি নাস ৰে দুনাই ৷৷

সতিনীৰ কচুৰ কুঙ্কুম ছোৰত তোৰ হে

পৰশিৰি নাহি মোৰ পাই ৷

গোপীনীক প্ৰেম- ভকতি-ৰসে আকুল

দীন গোপাল গুণ গাই ৷৷

ঘোষা

মাধৱ মাধৱ প্ৰাণ        মাধৱ মাধৱ আত্মা

মাধৱ মাধৱ গুৰু ইষ্ট ৷

মাধৱ মাধৱ নাম        সুমৰণে সুমঙ্গল

মাধৱেসে ইষ্ট দেৱ নিষ্ট ৷

নমো শঙ্কৰদেৱ           মাধৱ সহিতে দুইকো

মোৰ ইষ্টদেৱ দুইজন ৷

মাধৱৰ শিক্ষা ধৰি      শুদ্ধভাৱে ভজা হৰি

বন্দো হেন ভক্তৰ চৰণ ৷৷

হে প্ৰভু ভগৱন্ত           পূৰ্ণব্ৰহ্ম পৰমাত্মা

শ্ৰীকৃষ্ণ দেৱ যদুপতি ৷

মাধৱ বান্ধৱ হে          চৰণে শৰণ লৈলো

তুমি মোৰ অগতিৰ গতি ৷৷

ধীৰসৱে নাৰায়ণ-       ময় মাত্ৰ জগতক

দেখে আক জানা সাৰে সাৰ ৷

লুদ্ধকে দেখয় ধন          কামুকসৱৰ মনে

দেখে সদা কামিনী-আকাৰ ৷৷

শুনিযো অবিদ্যা মাৱ      তেজা মোৰ স্নেহ ভাৱ

বিদ্যা তুমি আপেক্ষিয়ো মোৰে ৷

কৃষ্ণ-পদ-নখ-চন্দ্ৰ        যাৱত অমৃত-পান

কৰোঁ আমি নয়ন-চকোৰে ৷৷

সৰ্ব্ব-দেৱ-শিৰোমণি      কৃষ্ণক সততে ভজা

যাত পৰে আন নাহি কেৱ ৷

আপোনাৰ নিজ ৰূপ       স্মৰণ মাত্ৰকে দেন্ত

কিনো কৃপাময় প্ৰভুদেৱ ৷৷

যাৰ পদ-ৰেণু শিৰে       ধৰি নিৰন্তৰে নৰে

ভৱ তৰি পৰম্পদ পাই ৷

হেনয় জগত-গুৰু          তোমাৰ চৰণ দুই

অনুদিনে প্ৰণামো সদায় ৷৷