হোমেন বৰগোহাঞি

এই আশা, প্ৰেম আৰু সৰু সৰু মৃত্যুৰ
ধুলিৰে আকীৰ্ণ পথ | গধূলিৰ স্বপ্নালু চহৰ
তোমাৰ মুখৰ দৰে লাগে মোৰ অতিকে আপোন
কৰুণ আভাৰে দীপ্ত সূৰ্য্যাস্তৰ সোণালী মদৰ |

ঘৰে ঘৰে বন্তি জ্বলে; এই আশা, প্ৰেম, বেদনাৰ
অজগৰ অন্ধকাৰ হঠাতে নিবিড় হৈ আহে |
এই মৃত চহৰৰ সূৰ্য্যমূখী গলিৰ মূখত
আন্ধাৰ সুৰভি কাৰ এন্ধাৰত ভাপ হৈ ভাহে

তুচ্ছ সেই ইতিহাস | এই মন্দা বজাৰত তাৰ
দাম হ’লে হব এটি চুটি গল্প এঘাৰ ফৰ্মাৰ
অথবা চনেট এটি, প্ৰাণৰ শলিতা পুৰি লিখা
প্ৰাণৰ আৰাম পূৰ্ব্ব – প্ৰণয়িনী অমিতা বৰ্ম্মাৰ|

নাৰীৰ দেহৰ উম, ফুল, তৰা, ৰাতিৰ আকাশ
মহঙা দামেৰে কিনা সুকোমল তোমাৰ মঙহ
খুব বেছি দৰকাৰ জীৱনত ইবোৰ বস্তুৰ
হ’ব পাৰে পূৰ্ণ তাৰে ঈশ্বৰৰ নিৰ্মম বিৰহ |