যতীন্দ্ৰনাথ দুৱৰা

কঁপি থকা ওঁঠ দুটি নোৱাৰে ফুটাব
        যাওঁ বোলা বিদায়ৰ বাণী,
দুগালে বাগৰি যায় চকুলো দুধাৰি,
        মাগে মাথোঁ শেষৰ মেলানি |
        যাওঁ বোলা বিদায়ৰ বাণী ||

বিষাদ-ডাৱৰে ঢাকে জীৱন-আকাশ,
        পোহৰৰ লেশ মাথোঁ নাই,
এখুজি দুখুজি কৰি ধীৰে ধীৰে দেহি,
        বাটৰুৱা যায় আগুৱাই |
        পোহৰৰ লেশ মাথোঁ নাই ||

আন্ধাৰ-মুধাৰ বাট নমনি একোকে
        সমুখত স্মৃতিৰ শ্মশান,
কতনো প্ৰেমৰ ছবি লয় গই তাতে
        তোলে এটি সকৰুণ তান |
        সমুখত স্মৃতিৰ শ্মশান ||

তাৰে মাজেদিয়ে যায় বাটৰুৱা মোৰ
        সুখৰ দুখৰ গান শুনি,
আশা নিৰাশাৰ ৰেখ বুকুৰ মাজত
        আঁকি লই অকলে আপুনি |
        সুখৰ দুখৰ গান শুনি ||

শুকুলা পাখিৰে সৌ নাওখনি লই
        নাৱৰীয়া আছে বাট চাই,
উঠিম যেতিয়া মই নাৱৰ বুকুত,
        নাও মেলি যাব ভটীয়াই |
        নাৱৰীয়া আছে বাট চাই ||

দূৰত গৰজে শুনা অনন্ত সাগৰ
        পৰ্ব্বত-প্ৰমাণ ঢউ তুলি,
বাহু তোলা মৰণৰ শেষ আলিঙ্গনে
        চিন-চাব নেৰাখে শমূলি |
        পৰ্ব্বত-প্ৰমাণ ঢউ তুলি ||

অনাদৰ অৱহেলা যত জগতৰ
        সুখ-দুখ সকলো সামৰি,
সকলোকে অন্তৰৰ প্ৰণাম জনাই
        নাও মেলি আহিলোঁ আঁতৰি |
        সুখ-দুখ সকলো পাহৰি ||

সন্ধিয়াৰ আকাশৰ সৰু তৰাটিৰ
        সাদৰৰ শেষ আৱাহন,
সেউজীয়া প্ৰকৃতিৰ কোমল কোলাত
        খেলা মোৰ হ’ল সমাপন |
        সাগৰৰ শেষ আৱাহন ||
        
        নাও মেলি আহিলোঁ আঁতৰি,
        অতীতক নেযাবাঁ পাহৰি ||