মহিম বৰা৷৷ ১৯২৬-
        মাছ
সোণালী ৰূপালী মাছ, নীলা বেঙুনীয়া মাছ
উজ্জ্বল হীৰাৰ ছটা অয়ুত অৰ্ব্বুদ মাছ
কামনা-ৰঙীন
সাগৰ দুধাৰ কৰা গতি ক্ষুৰধাৰ,
হে দুৰ্ব্বাৰ৷
উৰন্ত ফিছাৰে ঢাকি সাগৰৰো বিৰাট বিস্তৃতি
পৰ্ব্বতৰ টিং চুমা ঢৌকা নেওচি
দুচকুত আদিগন্ত স্বপ্নৰ উজান
হে চিৰন্তন, কামনা-ৰঙীন
সৃষ্টিৰ প্ৰথম সস্তান৷

সোণালী ৰূপালী মাছ, নীলা বেঙুনীয়া মাছ,
জন্মেৰে ৰঙীন মাছ, ৰঙেৰে ৰঙীন আৰু
অজস্ৰ মৃত্যুৰ
চেপা, খোকা, পল, দলঙাত,
ঘাট-জাল, খেৱালিত, ঘিলাধাৰী নৈৰ বুকুত,
তথাপি অমৰ৷

হে মাছ, হে চিৰন্ত মাছ!