মফিজুদ্দিন আহমদ হাজৰিকা ৷৷ ১৮৭০-১৯৫৮
                
                দিনকণা
হেৰা,হেৰা হাটৰুৱা,
         মৰমৰ ভাইহঁত;
নেৰিবাঁ নেৰিবা মোক
        এই মায়া-বজাৰত ৷
দুহাত যুৰিছো মই
        কাবউ-কাকূতি কৰি ;
অকলে নেৰিবাঁ মোক
        আলাই-আথানি কৰি ৷
তোমালোকো যোৱাঁগই
        মোকো হেৰা লই যোৱাঁ;
দুখীয়া নিচলা বুলি
        এফেৰি উভতি চোৱাঁ ৷
হাতৰ লাখুটি ইযে
        মেলি দিছে হেৰা ভাই,
ধৰাঁ, ধৰি কোনোমতে
        নিয়াঁ মোকো আগুৱাই ;
কেনিবা যাবগৈ লাগে
        চকুৰে নমনো মই,
খুন্দা ও খুন্দলি খাই
        যেনি তেনি পৰোঁ গই ৷
আমাৰ নিচিনা এনে
        দুখীয়া লেহেৰা দেও,
এই বিশ্ব-বজাৰত
        নাই আৰু ক’তো কেও ৷
সি দেখি মাতিছো মই
        অতযে মিনতি কৰি,
আহাঁ, আহাঁ, ভাইহঁত,
        নিয়া মোকো বাহু ধৰি ৷
বেছিতো নালাগে মোক,
        এফেৰি পোহৰ মুঠে,
তাকে পালে উলাহতে
        হিয়া মোৰ নাচি উঠে ৷
এটুপি চকুৰ লো,
        এখনি কোমল হিয়া,
এষাৰি ‘আয়ৈ দেহি’,
        আৰু এটি হুমুনিয়া ;
ইয়াৰ উপৰি আৰু
        একোকে নেলাগে মোক,
ইয়াকে পালেই মোৰ
        গুচি যাব যত শোক ৷
আমনি নকৰোঁ আৰু
        কাকো ক’তো,হেৰা ভাই,
আহাঁ, আহাঁ, ঘুৰি আহি
        নিয়াঁ মোকো আগুৱাই ৷
আগে আগে তোমালোক,
        পিছে পিছে ময়ো যাওঁ,
তযু পোহৰৰে যেন
        এচেৰেঙা ময়ো পাওঁ ৷
নহ’লে মৰিম মই
        আলাই-আথানি হই,
কেনিবাদি এন্ধাৰত
        খালে বামে পৰি অই ৷
ওখোৰা-মোখোৰা বাট,
        তাতে ই এন্ধাৰ ঘোৰ,
তদুপৰি দুই কান্ধে
        মেটমৰা ভাৰ মোৰ ৷
খোজে পতি উজুটিত
        চুলি-আগে গৈছে জীৱ,
হায়,আগে জনা হ’লে
        আজি এনে দশা কিয়?
বজাৰত ভোল গ’লো
        লীলা-মলা চাই চাই,
চাকি তেল শলিতাযে
        নেবেহালো, হায় হায়!
এতিয় বুৰিল বেলি,
        হ’লহি এন্ধাৰ ঘোপ,
লাহে লাহে ভাগিলেহি
        গৰাকীৰো দলদোপ!
অকলে কেনেকৈ যাওঁ,
        কি হ’ব উপায় মোৰ;
সাৰথিও নাই,নাই
        কিম্বা চাকি বন্তি জোৰ ৷
নিগমে মৰিলো মই,
        কোন কেনি আছহক,
উধাৰাঁহি আজি এই
        দিনকণা অধমক ৷
এনেনো ধেন্দেলা মোক
        কৰিলে বিধিয়ে হায়,
উহু, কি কপাল পোৰা !
        ভৰিও পিছলি যায় ৷
খোজে পতি ঘৰামুটি
        ঘনে টেলঙনি খাওঁ ;
‘সহায় সহায়’ কৰি
        ইপিনে-সিপিনে চাওঁ ৷
নেপাওঁ কেনিও হায়,
        এখনি সহায়-হাত,
নুশুনো কেনিও হায়,
        এষাৰি সুৱলা মাত ৷
যাৰেই গুৰিলৈ যাওঁ,
        সেয়ে মুখ ওফোন্দায়,
চকুহে টেলেকা কৰি
        গোৰোঙাকৈ ঘূৰি চায় ৷
যেয়ে সেয়ে চেই চেই
        য’তে ত’তে দূৰ দূৰ,
যাকে মাতোঁ, সেয়ে মাৰে
        কিল, ভুকু, লাঠি, গোৰ ৷
হায়, কি কপাল মোৰ
        এয়েনে আছিল লেখা ?
উহু, কি এন্ধাৰ বাট,
        নেপাওঁ অকণো দেখা ৷
সাৰথি মাথোন এই
        কণাৰ লাখুটিডালি,
তাৰেহে খোপনি পুতি,
        কোনোমতে হালি-জালি,
এখুজি দুখুজি কৰি
        আহিছো হে ভাইহঁত,
নেঠেলিবাঁ নেঠেলিবাঁ,
        লোৱাঁ মোকো কাষৰত ৷
কাবউ কৰিছো মই,
        দুখনি ভৰিত পৰি;
নিচলা আতুৰ বুলি
        নিয়াঁ মোকো ধৰি ধৰি ;
খন্তেকলৈ খেনি কৰি
        খন্তেকলৈ অপমান,
কিয় ভাই,নাহকতে
        বিনাশিবা এটি প্ৰাণ ?
এতেকেহে লগে-ভাগে
        নিয়াঁ নিয়াঁ বাহু ধৰি,
কোনোমতে ময়ো যাতে
        যাব পাৰোঁ মৰি পৰি ৷
দেখোঁ অত কাকূতিতো
        নাহিলেযে কেও হায়,
মানুহৰপৰা তেন্তে
        আশা আৰু নাই নাই ৷
এবে তোমাকেহে খাটোঁ
        হে প্ৰভু, দয়াময়,-
আজি মহাবিপদত
        বিতত বিচূৰ্তি মই ;
কেৱে নেতাৰিলে মোক ;
        নেলাগিল কাৰো বেথা ;
তুমিয়েহে তৰোৱাঁহি
        ভাঙি এই মহা লেঠা ;
অগতিৰ গতি তুমি,
        অনাথৰ নাথ শুনো ;
তেন্তে ই বিলাই মোৰ
        চাই আছা কেনেকৈনো ?
কণা অধমৰ ফালে,
        কৃপা-চকু মেলি চাই,
তাৰাঁহি হে দয়াময়,
        ৰসাতলে গ’লো হায় !