নীলমণি ফুকন|| ১৯৩৩-
টোপনিতো তেওঁ মোক খেদি ফুৰিছিল

টোপনিতো তেওঁ মোক খেদি ফুৰিছিল
তেওঁ বাৰু এতিয়া ক’ত আছে?

আছেনে বাৰু তেওঁৰ মুখত
সেই উভলি পৰা এজোপা গছ?

ওঁঠ দুখনিত আছেনে বৈ
পানী ৰঙা হোৱা দুখন নৈ?

আছেনে বাৰু তেওঁৰ দুচকুত
সেই দুটা ক’লা ঘোঁৰা?

আজিও মোৰ নিতৌ নিশা
কলিজা গচকি ৰয়|