সূৰ্য্যকুমাৰ ভূঞা || ১৮৯৪-১৯৬৪

আপোন সুৰ

এইযে ৰচিলো গান সকলো মিছাই,
        বীণাত আপোন সুৰ বাজি উঠা নাই
ৰচিলো কতনা শোক পুলকৰ কথা,
        ঢালিলো চৰণে মোৰ প্ৰাণৰ দেৱতা |
বসন্তৰ সন্ধিয়াত পুষ্পিতা ধৰণী,
        বননিত কলকন্ঠে বিহঙ্গৰ ধ্বনি,
শেৱালিৰ গন্ধে ভৰা শৰত পুৱাত
        ফাগুনৰ জ্যোতিহীন পুৱঁতী নিশাত
হিয়াত উঠিল বাজি শতমুখী তান,
        আনন্দ-বিষাদ গঁথা মিলনৰ গান |

তেওচোন কাৰ হন্তে হূদয় আতুৰ,
        নেপাওঁ বিচাৰি ক’তো আপোনাৰ সুৰ |
আকাশৰ সপ্তঋষি সপ্ত দীপ লৈ
        সন্ধ্যাৰ আৰতি ধৰে মন্দিৰত গই,
মই চাওঁ একেথিৰে এয়েনেকি মোৰ
        নীৰলে কাণত বজা সঙ্গীতৰ সুৰ?
এয়েনেকি হেৰা মোৰ দেৱতা প্ৰাণৰ,
        তোমাৰ চৰণ-সেৱা জীৱনৰ বৰ?
হূদয়ৰ মন্দিৰত সঙ্গীত-ৰচনা
        তৰ্কহীন অকুটিল ভক্তিৰ থাপনা |

সুদূৰ প্ৰান্তত সৌ জলে একা-বেঁকা
        স্বৰ্গ আৰু মৰতৰ মিলনৰ ৰেখা,
জোনাক নামিছে সুপ্ত জলধিৰ গাত,
        শুনি এটি আৱেগৰ চুম্বনৰ মাত |
বুকুত জিলিকে চোৱাঁ তৰঙ্গৰ মালা,
        সঘনে কঁপিছে কোন হূদয় উতলা,
ওপৰত তাৰকাৰ মিলন-সঙ্গীত,
        জগতত পৰাণীৰ উত্ৰাৱল চিত,
হূদয়-তলিত জ্বলে অগ্নিময় কণা
        সৃজনৰ প্ৰতি কোণে দুৰন্ত বাসনা |

কিম্বা হায়, অতীতৰ সুখ-সোঁৱৰণি
        সেয়ে কি গানৰ মোৰ নীৰৱ ৰাগিণী?
পাতৰ আঁৰত ফুল আছিল লুকাই
        প্ৰকৃতিৰ শান্তিময় হূদয় জুৰাই,
উথলিল আচম্বিতে জেউতি-মাধুৰী,
        ব্ৰহ্মাণ্ডত কোনে তাৰ বিলালে বাতৰি?
শূন্যৰ ৰথত চৰি আহিলা কটকী,
        প্ৰণয়ৰ নিকুঞ্জও উৰণীয়া পখী
দুদিনৰ লীলা-অন্তে কেনি গুচি যায়;
        আজলী কুসুমপাহি নীৰৱে বিনায়!

প্ৰেমই মস্তক-মণি সাধনাৰ ধন,
        জীৱন শোকৰ লীলা, অবিশ্ৰান্ত ৰণ,
মৰণৰ অনিৰ্ব্বাণ মহিমাৰ শিখা,
        তাৰ মাজে পুলকৰ মায়া-মৰীচিকা |
কত ছঁয়া আহে আৰু কত ছঁয়া যায়
        প্ৰেম কিন্তু ধ্ৰুব জ্যোতি আদি-অন্ত নাই |
প্ৰকৃতিৰ হাতে গঢ়া প্ৰণয়-কানন
        এইযে ব্ৰহ্মাণ্ডখনি অপূৰ্ব্ব সৃজন,
তাৰে একোণত মই বান্ধিমনে ঘৰ
        প্ৰেম-কাব্য-নিকুঞ্জৰ হৈ মালাকৰ?

আৰুযে কতনা আছে বিচিত্ৰ কাহিনী,
        অসীমৰ মহামন্ত্ৰ বাজে ৰিণি-ৰিণি;
সমুখত গৰজিছে ভীষণ সাগৰ
        জীৱন-তৰঙ্গ এটি অনন্ত-বুকুৰ,
ক’ৰবাৰ এধাফুটা সঙ্গীতৰ ধ্বনি,
        কিম্বা পূৰ্ব্ব-জনমৰ মৃদু সোঁৱৰণি |
এইযে আতমামণি হিয়াৰ কোণত,
        জনম মৰণ তাৰ কোন সীমান্তত?

সৌৰ জগতৰ ৰূপ বিস্ময়েৰে ভৰা,
        ক’ত তাৰ যোগনীয়া জ্যোতিৰ নিজৰা?
বাজিছে অনন্ত কাল সৃজনৰ সুৰ
        বিধাতাৰ মহাবাণী বিচিত্ৰ মধুৰ |

সুন্দৰ এখনি আৰু অন্তৰ-জগত
        প্ৰতিদ্বন্দ্বী বাসনাৰ সংগ্ৰামৰ পট,
আদৰ্শৰ গ্ৰহ-কেন্দ্ৰ ঘূৰিছে নিতউ,
        আজিৰ সিদ্ধান্ত কালি বিতণ্ডা আকউ |
কোন মই? তুমি ক’ৰ?- তৰ্ক চিৰদিন,
        নিজৰ অস্তিত্ব, সিও সন্দেহত লীন |
এইযে ৰচিছে মায়া সৃজন প্ৰলয়,
        ক’ত সেই আদি শক্তি ভূমানন্দময়?
ন্যায় বা মীমাংসা, সিও দিঠক-সপোন,
        বেদান্তৰ সিদ্ধান্ততো অবিদ্যা মাথোন |
সাধ্য কি মানৱে পায় ৰহস্য জ্ঞান?
        যিমান ভাবিবা শঙ্কা বাঢ়িব তিমান |

জীৱন সঙ্গীতময়, সৃষ্টি বিতোপন,
        অমৃতৰ ৰহঘৰা, সুৱলা শাসন |
কৰিব ধাউতি,- ধৰা সৌন্দৰ্য্যৰ থল,
        তাত যেন ফুলি উঠে প্ৰেম-শতদল |
প্ৰকৃতিত বাজে মহা উদ্দেশ্যৰ সুৰ,
        তাৰ হন্তে হিয়া মোৰ উতলা আতুৰ |
বিশ্বৰ লগত যত ভাবৰ বন্ধন,
        সেয়ে মোৰ জীৱনৰ ধৰ্ম্ম সনাতন |
সত্য সুন্দৰ যাৰ অনন্ত যৌৱন,
        তাৰেই বুকুত মই পাতিম কানন |
হূদয়ৰ বাসনাৰ বসন্ত সমীৰ
        বীণাৰ মৃদুল তস্ত্ৰ কৰিব অধীৰ |
কবিৰ পুলক-বাণী দেৱতাৰ বৰ,
        আৱেগৰ বন্দী কবি নোহে নিয়মৰ |