-দেৱকান্ত বৰুৱা
মই কবি, গাওঁ গান, শব্দৰ সপোন সাজোঁ
লিখো যে কৱিতা,
ফুল আৰু পখিলাৰ বিচাৰি চাওঁ
প্ৰেমৰ ৰজিতা |
দূৰণিৰ বননিত প্ৰাণৰ হিল্লোল কঁপে,
পুৱতি তৰাই,
সৰগৰ সিপাৰৰ অপল্পপ জেউতিৰ
সংকেত জনায় |
কলঙ-পাৰৰ এই দূবৰিত আকাশৰ
বিচাৰোঁ তুলনা,
সৰি পৰা শেৱালিৰ কোমল সুবাসে মোক
কৰেহি উন্মনা|
বকুল ডালত সউ সখিয়তী পখীটিৰ
কৰুণ বিননি,
মোৰ ই অন্তৰ ভৰি আকাশ উপচি পৰে
তাৰ প্ৰতিধ্বনি |
মই যি কৱিতা ৰচোঁ, গানৰ ভাষাৰে গাওঁ
প্ৰাণৰ বিননি,
কোনোবা জোনাক নিশা তৰুণ হিয়াত তাৰ
লাগেনে কঁপনি ?
দাপোনত মুখ চাই আপোন ৰূপত মুগ্ধা
কোনো ৰূপহীৰ,
পৰেনে মনত বাৰু এফাঁকি কৱিতা এই
বিৰহী কবিৰ ?
বিফল-যৌৱনা কোনো গাভৰুৱে নেভাবেনে
কোন সেই কবি,
ছন্দৰ তুলিৰে আঁকে অশ্ৰুক্লান্ত জীৱনৰ
সোনোৱালী ছবি ?
মাটিৰ চাকিটি মোৰ উৰণীয়া বা লাগি
হঠাতে নুমায়,
প্ৰীতিৰ বতাহে মোৰ আকাশী তৰাৰ হায়
হিয়া নকঁপায় !
কি বিচাৰো প্ৰতিদান? কঙাল হৃদয়ে মোৰ
বিচাৰে কি ধন?
হাঁহিৰ বিজুলী এটি, দুটুপি চকুলো ভৰা
এযুৰি নয়ন |