-থানেশ্বৰ হাজৰিকা

মৰমৰ দীঘ দি চেনেহৰ বানিলৈ
      হেঁপাহৰ আঁচুৰে বোৱা,
সপোনৰ ফুলেৰে ফুলাম মোৰ বিহুৱান
      মনেদি এবেলি লোৱা |

ধনীৰে বিহুৱান পাট মেজাংকৰী
      দিয়ে কি নিদিয়ে যাচি,
মোৰ এই বিহুৱান চেনেহেৰে বোৱা
      সপোনৰ কাঠিৰে বাছি |

কেতেকীৰে তিল নাহৰৰে ঘিলা
      সাজিছোঁ বিহুৰ পিঠা,
তগৰৰে চিৰা চেনেহৰ দৈ
      কু উ কু মাতেৰে মিঠা |

মনে পাজি কটা চেলেং ছ কাঠী
      বুকুতে পাতিছোঁ কাঁহী,
বিহুৰে বিহুৱান এয়ে তোমালই
      যায় বতাহত ভাহি |

Leave a Reply