– যতীন্দ্ৰ নাথ দুৱাৰা

বই যায় এছাটি বতাহ
নতুনৰ বাতৰি বিলাই
জগতৰ অতীত স্মৃতি
পুৰণিৰ পৰাণ কপায় |

কোনে জানে কেনিনো বগায়
মৰমৰ লতাডালি মোৰ ,
শিপা নাই, গুটি নাই তাৰ
সুবাসেৰে অন্তৰ বিভোৰ |

ওপৰত জিলিকে পোহৰ
নামে ধীৰে তলত আন্ধাৰ,
নতুনত পুৰণি পাতনি
ছবি খনি আশা নিৰাশাৰ|

   এৰি দিয়া সকলোটি আজি
   চলি থকা ৰীতি জগতৰ,
   আমি মাথোঁ যাওঁ আগুৱাই
   গাই গীত প্ৰেম মৰতৰ |

Leave a Reply