গীৰ্জ্জা, ব্লাউজ আৰু শ্যেম্পেন -মহেন্দ্ৰ বৰা

মহেন্দ্ৰ বৰা৷৷ ১৯২৯-
        গীৰ্জ্জা, ব্লাউজ আৰু শ্যেম্পেন
        
        But here there is no light
Save what from heaven is with the breezes blown
Through verdurous glooms and winding mossy ways.

তুমিতো নেজানা বন্ধু
তুচ্ছ এই বেদনাৰ ফাকে ফাকে
মন মোৰ ভৰি উঠে
হাঁহিৰ চিম্ফনী আৰু কোনো সূৰ্য্যস্নাত মহানগৰীৰ
আলোক-উজ্জ্বল স্বপ্নৰ শিখাৰে৷
ৰচিলো বুৰঞ্জী য’ত
ভয় আৰু ব্যৰ্থতাৰ বোজাৰে গধুৰ কৰি
সেই মৃত চহৰীৰ কোনো এক কদৰ্য্য গলিৰ দাঁতিত
জীৱনৰ বাৰাণ্ডাত বহি বহি মনে যদি দেখে এক সপোন
সোণালী তৰাৰ এমুঠি হাঁহি সোণালী মদৰ সুৰভি আহি
খিৰিকিৰ ৰেচমত যদি তুলি যায় দুটি এটি ঢউ
মন উৰি যাব
হেজাৰ পাখিৰ স’তে
আবাছায়া আকাশৰ দুৱাৰ বিচাৰি!
তেনে এটা কবিতাৰ কিমান দাম? বৰ বেছি জানো?
কোনো এক নীল নেবুলাৰ নিবিড় আৰাম
যদি নামি আহে
মোৰ পৃথিৱীৰ এটা আহিনৰ পাতল সন্ধিয়া
গধুৰ কৰি তুলিম বুলি৷
তেনে এটা সন্ধিয়া হয়তো আহিব নামি
খেলি-মেলি দুই-চাৰি মুঠি চুলিৰ আন্ধাৰ
মোৰ মুখৰ আগত ওপঙি উঠিব
বহুত ফুলৰ দৰে
মেঘ মেঘ কথা চিনাকি মুখৰ
আৰু সেই নিঃসঙ্গ কোঠাৰ বতাহ হয়তো গধুৰ হ’ব
সুৰভিৰ স’তে
চিনাকি দেহৰ আৰু ৰজনীগন্ধা ফুলৰ৷
তেনে এটা গধুলি গধুৰ কৰা
মৰমে মধুৰ কবিতাৰ দাম হয়তো হ’বও পাৰে
আকাশে জোনাক আৰু বহুতো ৰামধেনু৷
আজে-বাজে এহেজাৰ কথাৰ আকাশ ফেনেকি পাৰ হৈ
মচলা-বনৰ এচাটি নিছাৰ নিচিনাকৈ
যদি নামি আহে ঈশ্বৰ আৰু মৃত্যু
ইছকুলীয়া ছোৱালীৰ সৰু এটি প্ৰাৰ্থনাৰ দৰে
ধূপৰ ধোঁৱাৰ সতে মই যদি হঠাতে হেৰাই যাওঁ
অনুস্বৰ বিসৰ্গৰ ভিৰৰ মাজত,
তেনে এপিয়লা তৰমুজ মদৰ দাম কৈ যোৱাঁ ঈশ্বৰ,
জাপানী পুতলাৰ ঈশ্বৰ,
তুমিতো জানা তাৰ দাম কিমান মিস্টিক্!
যি কবিতা আজিও পৃথিৱী পোৱাহি নাই
সেই কবিতা আহক নামি স্বপ্নৰ আলিবাট পোহৰ কৰি
মোৰ খিৰিকীৰ ৰেচমত উঠক ভাহি
এখনি মুখ আৰু এমুখ হাঁহি৷
সেই এটা কবিতাৰ দাম বহুত বেছি
ঘামৰ দিনৰ ঈশ্বৰ আৰু গধূলিৰ প্ৰিয়া
তুমি জানা৷
মন আৰু সূৰ্য্যৰ পোহৰ!
তাৰ বিনিময় মোৰ এই জীৱন, বহুতো আবেলি আৰু মই;
আৰু তোমাৰ কাৰণে
নিৰিবিলি কল্পনাৰ মজিয়া বিচিত্ৰ কৰা কথাৰ আলপনা
আফিঙৰ নিছা বুলি হাঁহিবৰ বৰ বেছি অধিকাৰ
ক্ষমা কৰাঁ বন্ধু
বেদনা-বিধুৰ্ দিনেৰে গধুৰ এই জীৱনৰ
তুচ্ছতাৰ ফাকে ফাকে
বৰ মন যায় সপোন দেখাৰ
নুফুলা ফুলৰ ফুলাম হাঁহিৰ সপোন দেখাৰ৷

Leave a Reply